অধিচৰ্ম (চুটিগল্প)
অধিচৰ্ম (গোপী তামুলী)
:কোন? মোৰ শুৱা কোঠাত, কোন??
: মই।
:কোন মই? সেইটো কিবা নাম হল নেকি ?নাম কি ? ওপাধি কি?
: মই ফু:পা:
:মানে ফুপজহী!
:ফুলেন পাত্ৰ, ফু:পা: মানে!
:বোপাই পাত্ৰ!ক্ষন্তেক ৰোৱা মাত্ৰ । মৰিয়াই কৰিছোঁ চোৱা টিঙৰ ভগা পাত্ৰ। হাত-ভৰি বান্ধী থৈছোঁ । কৰ্ডডাল ভাল দামী
:মোক এইদৰে বান্ধী থোৱা উদ্দেশ্য?
:মোৰ নিৰাপত্তা । আৰ্থিক স্বচ্ছলতও এটা কাৰক । বোপাই তাৰক।
:তাৰক নহয় , ফুলেন।
:বাৰু তই কোৱাটোৱেই । তোৰ আৰ্থিক অৱস্থাৰ উন্নতি মানে দকাইটি নহয় জানো ?
: আপুনি উপাৰ্জন কৰা টকা-পইছা সৎ পথেৰে নে? সেইবোৰ কত ৰাখিছে কওক। অধিক সময় কটোৱা ওচিত নহয় পলম হৈছে মোৰ।
:কেই বাজিল?
:এক বাজিবৰ হ'ল।
:হেৰ সেইটো মোৰ ঘৰী। মই গাৰু তলত থৈছিলোঁ ।
:তাতেই পালো!
:গগলছযোৰ খুলিলিলে? ৰাতি সেইযোৰ পিন্ধে! ভূতটোৰ দৰে লাগিছে।
: কিবা আখজাখন লাগিছে। খুলিয়েই থও । যাওঁতে নিমেই যেতিয়া।
:ইয়াৰ পৰা ওলাই যাব পাৰিবী যানো পিতাই ?
:এইটো দেখিছ নহয় ?
ঘড়িটোৰ কাষতে থৈছিলো । পিছে মিছা । চেম্বাৰত গুলি আছে সঁচা; কিন্তু লক্ কৰি থোৱা আছে,খোলিব নোৱাৰিছিল। খুলিবলৈ যত্ন কৰিলেই ফটাফট চটা গুলি একেবাৰে বুকুত । মোৰ নহয় তোৰ ।
:এইখনেৰেই তেন্তে কাম চলাম ।
: হেৰী, সেইখনেৰে শাক পাচলিহে কাটে ।
:প্ৰয়োজন হ'লে মানুহকো-।
:তোৰ কি প্ৰয়োজন?
:টকা!
:তাকে কোৱা নাই কিয়? যা মিটছেফটোৰ ওপৰত কণীৰ ট্ৰে এখন আছে । ছাইডতহে কণী । মাজত টকা তিনি-চাৰি লাখমান আছে তাকে নেগৈ। এতিয়া যা ।
০০০০০০০০
আহ । এতিয়াহে।
ট্ৰেইন লেট আছিল।
:কালি লেট নাইট পিকচাৰ এখন আছিল বুজিছ। ডকাইটে হাত ভৰি বান্ধি লুটিলে।পাঁচ লাখ নিলে।
: আপুনি কি কৰি আছিল?
:হাত ভৰি বন্ধা অবস্হাত মইনো কি কৰিব পাৰোঁ?
:প্ৰানায়ম ।
:সেইটোনো আকৌ কোন?
:প্ৰানায়ম হ'ল সেইটো ব্যায়াম । ইয়াৰ জৰিয়তে শৰীৰটো সূক্ষ্ম কৰিব পাৰি । মই বন্ধাৰ গম পাই দেহাটো ফুলাই দিলোঁ । পাছত স্বাভাবিক অবস্হাত অহাত বান্ধোন ধিলা হ'ল।
:আচৰিত কথা।
:আচৰিত নলগা কথা কেইটামান শুনি, ফুলেন পাত্ৰ।।
:মোৰ নাম মোলেন হে চাৰ।
:ফুলেন মুলেনৰ কথা পিছত হ'ব এতিয়াৰ কথা হ'ল, মোৰ ঘড়িটোত এটা ছুইছ আছে । তাত হাত দিলে দুশ মিটাৰ দূৰত্বলৈ এটা সুৰীয়া শব্দই বিলাপ কৰিব , 'হেল্প মি, হেল্প মি, বুলি। ডকাইটে এই কথা কেনেকৈ জানিলে ? কেনেকৈ যানিলে ড্ৰয়াৰৰ তলফালে বিশেষ ব্যৱস্হাৰে পিষ্টলটো তাতে থও বুলি?
গেটত সোমোৱাৰ পৰা এতিয়ালৈকে এক্কৈছবাৰ তই সোঁহাতেৰে সোঁজেপটো চুই ছাইছ । বস্তুটোয়ে আছে তাক নিশ্চিন্ত হৈছ । মই এশ শতাংশ কাৰেক্ট বস্তুটো হৈছে এপাত চাবি । মোৰ কোঠাৰ ।
:ছাৰ!
:ভৰিত পৰিব নালাগে দে । লাগে যদি মইহে তোৰ ভৰিত পৰিম ।
:মানে ছাৰ!
:তই যোৱাৰ কিছু পাছতেই এখিনি পুলিচৰ লোক আহিছিল । বিচাৰিলে,নাপালে,গলগৈ। কত পাবা সেই পাঁচ লাখ টকা জাল নোট । তই নি মোক বচালি ।
তোক মই বজাম এতিয়া। বোপা মোলেন কিম্বা ফুলেন।
মূৰ তই নিজেই খালি । আহোঁতে অস্থিচৰ্ম হৈ আহিছিল। এবছৰতেই হলি বৰ্ণড সংকৰ শুক্ল শূকৰ । মই তোক অধিচৰ্ম কৰিলোঁ। চাবিপাত তাতে থৈ যা।
...............................
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home