Assamese story: ডবল শাস্তি (অসমীয়া চুটি গল্প)

Monday, February 21, 2022

ডবল শাস্তি (অসমীয়া চুটি গল্প)


            জন ৰজা আছিলে। তেওঁ অন্য ৰজাতকৈ অলপ বেলেগ প্ৰকিতিৰ আছিল । তেওঁৰ বিশেষত্ব হ'ল দোষীক শাস্ত্ৰী দিয়া প্ৰনালি ।প্ৰত্যেক অপৰাধীৰ শাস্তী বেলেগ বেলেগ আছিল। চোৰৰ শাস্তী আছিল পঞ্চাশটা জোতাৰ কোব নাইবা পঞ্চাছটা পিয়াঁজ খোৱা।ইয়াৰে যিকোনো এটা শাস্তি ইচ্ছা অনুসৰি বাছি ল'ব পাৰিব । আৰু ইচ্ছা কৰিলে দোষীয়ে আধা শাস্তি ভুগি শাস্তি সলাই লোৱাৰ ব্যৱস্থাও আছে । এনেবোৰ কাৰনতে প্ৰজাসকলে ৰজাৰ বিষয়ে নানা                                                                   আলোচনা কৰিছিল ।

                এদিন এটা চোৰে চোৰ কৰিবলৈ গৈ ধৰা পৰি ৰজাৰ বিচাৰ সন্মুখীন হবলগা হল। ৰজাই চিপাহীক আদেশ দিলে যে অপৰাধীক ইচ্ছা অনুসৰি পঞ্চাছটা জোতাৰ কোব নাইবা পঞ্চাছটা পিয়াঁজ খুৱাব লাগে। চুৰক যেতিয়া এই দুটা শাস্তিৰ ভিতৰত যিকোনো এটা বাছি ল'বলৈ দিয়া হ'ল তেতিয়া চোৰটোৱে মনে মনে ভাবিলে পিয়াজ হোৱাটোও কি এটা শাস্তি হ'ল নেকি ! ৰুটিৰ লগতটো দুই/তিনিটা পিয়াঁজ প্ৰতিবাৰতেই খোৱা যাইয়েই; আজি যেনিবা অলপ বেছি হ'ব । পঞ্চাছটা জোতাৰ কোব খাবলৈ হ'লে তাৰফালে আধ্যা পৰিব । গতিকে চোৰে পঞ্চাছটা পিয়াঁজ খোৱা টোকে বাছি ললে ।


                ৰজাৰ চিপাহীয়ে পঞ্চাছটা পিয়াঁজ এটা পাত্ৰত ভৰাই চোৰৰ সন্মুখত দিলে । চোৰে ৰং মনেৰে এটা পিয়াঁজ হাতত লৈ খাবলৈ ধৰিলে । প্ৰথমটো শেষ কৰি দ্বিতীয়টো মুখত লৈ চোবোৱাত মুখ পুৰিবলৈ ধৰিলে । মনতে ভাবিলে ৰুটিৰ অবিহনে খুৱা বাবেই এনে হৈছে। চকু-কাণ মুদি ৭/৮  টা পিয়াঁজ খোৱা পিছত চোৰৰ অবস্থা কাহিল হৈ পৰিল তাৰ এনে লাগিল যেন জিভাত ভাটো চৰায়েহে কামুৰিছে । দুয়ো কাণত অনুভব হ'ল কোনোবাই যেন জুই লগাই দিছে আৰু দুচকুৰে অজস্ৰৰূপে ধোঁৱা বলিছে । ন নম্বৰ পিয়াঁজটো হাতত লৈ পুনৰ থৈ দিলে । চোৰে কাটৰ ভাবে চিপাহীলৈ চাই ক'লে -হুজুৰ মোক পঞ্চাছটা জোতাৰে মাৰক, কিন্তু মই আৰু পিয়াজ খাব নোৱাৰোঁ।                       


            ৰজাৰ চিপাহীয়ে চোৰৰ ইচ্ছা অনুসৰি জোতাৰে মৰা আৰম্ভ কৰিলে । ৮/১০ কোব খোৱা জোতা খোৱা পিছত চোৰে বিষত ৰব নোৱাৰি অধৈৰ্য্য হৈ চিঞৰিবলৈ ধৰিলে । বিষত সন্মুখৰ পৃথিৱীখন চক্ৰকৰে ঘূৰা যেন অনুমান হ'ল মাৰৰ কোবত দুচকুৰে সৰিয়হ ফুল দেখিবলৈ ধৰিলে । চোৰে কান্দি কান্দি কলে -"হুজুৰ ,মাই, বাপ, মোৰ আৰু সহ্য নহয় , মই মৰি যাম ।ʼʼ মোক আৰু জোতা নামাৰিব, মই পিয়াজকৈ খাম।

        চোৰৰ কথামতে চিপাহিয়ে জোতা মৰা বন্ধ কৰি পুনৰ পিয়াজৰ পাত্ৰটো চোৰৰ আগত দিলে । চোৰে পুনৰ পিয়াজখোৱা আৰম্ভ কৰিলে। এটা দুটা কৰি চকু কান মুদি যেনে তেনে দহটা পিয়াজ খোৱাৰ পিছত আৰু খোৱাৰ শক্তি নহ'ল । চোৰে পুনৰ চিপাহীক কলে -" মোক জোতা মাৰক , মই আৰু পিয়াজ খাব নোৱাৰোঁ।ʼʼ 

               প্ৰহৰীয়ে চোৰৰ কথামতে জোতা মাৰিবলৈ ধৰিলে। দহ পোন্ধৰটা জোতাৰ কোব খোৱা পিছত পুনৰ ক'লে -"মই আৰু জোতাৰ কোব খাব নোৱাৰো , মৰি যাম । মই পিয়াঁজকেই খাম ।ʼʼ 

            পুনৰ দহ পোন্ধৰটা পিয়াজ খোৱাৰ পিছত চিঞৰিবলৈ ধৰিলে -" মই আৰু পিয়াজ খাব নোৱাৰোঁ। মোক জোতাক মাৰক ।"

           চোৰে শাস্তি সলাওঁতে সলাওঁতে পঞ্চাছটা পিয়াঁজো খাব লগা হল আৰু পঞ্চাছটা জোতাৰ কোবো খালে ।

         বিপদ কালত মানুহে সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে সময়ত এই চোৰৰ দৰেই অৱস্থা হ'বলগা হয়। যেনেদৰে চোৰে জোতাৰ কোব আৰু পিয়াজ দুয়োটা শাস্তি খাব লগা হ'ল। 

                                                                    সমাপ্ত✍️✍️✍️




 


0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home