Assamese story: March 2022

Tuesday, March 1, 2022

কাৰেংঘৰ পিৰামিড আকৃতিৰ ৰাজমহল


কাৰেংঘৰ
পিৰামিড আকৃতিৰ ৰাজমহল

          

কাৰেংঘৰ

পিৰামিড আকৃতিৰ ৰাজমহল


কাৰেংঘৰ বা কা-ৰৌণ (ইংৰাজীKareng Ghar or Ka-Rwanআহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।

ক্ষিপ্ৰ তথ্য কাৰেংঘৰ, সাধাৰণ তথ্য ...
কাৰেংঘৰ

শিৱসাগৰ জিলাৰ কাৰেং ঘৰৰ সন্মুখৰ অংশ
সাধাৰণ তথ্য
স্থাপত্য শৈলীআহোম সাম্ৰাজ্যকালীন স্থাপত্য
অৱস্থিতিশিৱসাগৰঅসমভাৰত
স্থানাংক26.923611°N 75.826667°E
নিৰ্মাণ আৰম্ভ১৭৫১
প্ৰযুক্তিৰ বিৱৰণ
গঠন পদ্ধতিইটা আৰু থলুৱা ভাবে বনোৱা বিলাতী মাটি
নক্সা আৰু নিৰ্মাণ
গ্ৰাহকস্বৰ্গদেউ চুক্লেংমুংৰাজেশ্বৰ সিংহ
বন্ধ কৰক

নামকৰণ

অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেং ঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এইক্ষেত্ৰত 'ঘৰ' শব্দটো এটা বিশেষ ৰাজকাৰেংৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে।

স্থাপত্য

কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, "গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সূশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল"। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ।

এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ৪)

                        এখন প্ৰেম নদীৰ সন্ধানত 


       কথাটো জনাৰ পিছৰে পৰা  সিহঁতৰ গাত তত্ নাইকিয়া হ'ল। পিছদিনা সোনকালে কলেজলৈ গৈ গোটেইকেইটা হাজিৰ। সাধাৰণতে কলেজত    একেবাৰে মূৰামূৰি সময়তহে পাওঁগৈ। পূৱা সোনকালে ওঠাৰ এলাহ, ৰন্ধাৰ এলাহত সদায় দেৰি হয় । সেইদিনা মেন সময় পুৱা নাযায় হে নাযায় । ৮-৩০কলেজত উপস্হিত হʼলোঁগৈ।হায়াৰ চেকেণ্ডেৰী ক্লাছ ৯-৪৫ৰ পৰা যদিও প্ৰথমৰ পৰাই কোনজনী ছোৱালী তাক জানিবলৈ গেটʼত ৰৈ থাকিলোঁ; কিন্তু দুঃখৰ কথা যে সেইদিনা ছোৱালীজনী ক্লাছলৈ নাহিল। গোটেই কেইটা গোমোঠা মুখ লৈ ৰূম পালোঁগৈ।

              

                  সৌভাগ্য ক্ৰমে যেনিবা এদিন লাইব্ৰেৰীৰ সন্মুখতে, দেখি অজয়ক দেখুৱালোঁ।অজয়ে দেখি কৈছিল— বাঃ একেবাৰে জাকত-জিলিকা । অজয়ৰ মুখত ভাবী প্ৰেয়সীৰ ৰূপৰ প্ৰশংসা শুনি আপ্লুত হলোঁ। পিছদিনা দুলু আৰু ধনকো দেখুৱালোঁ। দুলুৱে ছোৱালী জনীক দেখিয়েই কৈ উঠিল— প্ৰবালদা আগতে মোক পাৰ্টি দি লোৱা। তাৰ পিছত তাইৰ বিষয়ে তোমাক কি ইনফৰমেচন লাগে মই দিম। 

                 আটাইকেইটা কেন্টিনত সোমালোঁগৈ । নিজৰ নিজৰ মতে অৰ্ডাৰ দিলে। বিল দিয়া পাল মোৰ। খাই বৈ তুষ্ট হৈ দুলুৱে কলে—

                 ঃ ছোৱালীজনী আমাৰ অঞ্চলৰেই । তাইৰ ককায়েকে আমাৰ মনিক মটৰ চাইকেলেৰে খুন্দিয়াইছিল। তেতিয়াৰ পৰা আমাৰ ঘৰৰ লগত সিহঁতৰ চিনাকি । মই অবশ্য সিহঁতৰ ঘৰ দেখাগৈ নাই নাই। দাদা আৰু মই সেইদিনা তাক পুৰা দিলোঁহেঁতেন । মণিʼৰ একো নহ'ল বুলিহে। দেউতাই নৰখোৱা হ'লে মই তাক যম পূৰি দেখুৱালোঁহেতেন। সেই খঙতে মই সিহঁতৰ ঘৰলৈ যোৱা নাই। অৱশ্যে মাকহঁত আমাৰ ঘৰলৈ আহিছে।

                   দুলুৰ কথা শুনি আমি তিনিটাই উলাহত ফাটি পৰিলোঁ। দূৰৈৰ মানিক মেন হাঁতত হে পালোঁ। এতিয়া দুলুৱে আমাৰ সমস্যা সমাধান কৰিব। কিন্তু কথাটো ছেকেণ্ড ইয়েৰতো ছোৱালীজনীক জনোৱাই নহ'ল। ফাইনেল পৰীক্ষা পোৱাহি কাৰণে সেইদিনা সিমানতেই স্থগিত কৰা হ'ল।

                      ফাইনেল পৰীক্ষাৰিজাল্ট দিলে। ডিস্তিংচনসহ পাঁচখন লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ । দেউতাই দূৰত পঢ়াৰ কথাটো উলিয়াইছিল যদিও অজয়হঁতক এৰি যোৱা দুখত , তদুপৰি মোৰ প্ৰেমৰ প্ৰস্তাব কেতিয়াও দিয়া হোৱা নাছিল, গতিকে ছল কৰি দেউতাৰ কথাটো তল পেলালোঁ। অজয়ৰো ৰিজাল্ট ভাল হৈছিল । দুয়োটাই সিদ্ধান্ত কৰি সেইখন কলেজতে ইংৰাজীত মেজৰ লৈ ডিগ্ৰী পঢ়িবলৈ ললোঁ। এইবাৰ যেনেকৈ নহওঁক তাইক প্ৰস্তাৱ দিম বুলি ঠিৰাং কৰিছিলোঁ। নতুন বছৰৰ নতুন ক্লাছ আৰম্ভ হ'ল । আমাৰো অভিযান আৰম্ভ হ'ল । প্ৰথম মেজৰ ক্লাছটো কৰি দ্বিতীয় মেজৰ ক্লাছটো কৰিবলৈ অজয় আৰু মই ৰৈ আছিলোঁ। তেনেতে ধনৰ মেচেজ আহিল, 'ভাবী কেন্টিন মে হে, আপ জল্দি সে কেন্টিন আ জায়ে।" অজয়ক কথাটো কৰোঁ।