এখন প্ৰেম নদীৰ সন্ধানত খন্ড (৩)
এখন প্ৰেম নদীৰ সন্ধানত
সেইদিনা কলেজত কোনোমতে সোমোৱাৰ পাছতেই বৰষুণজাক আহিছিল। বাৰান্ডাত ৰৈ বৰষুণ জাককে চাই আছিলোঁ।হঠাতে মেন কলেজৰ পদূলিয়েদি সোমাই আহিছিল । এজাক মায়াময় জোনাক। বতাহত ওৰি যোৱা চূৰ্ণী , বৰষুণে ভিজাই নিয়া দেহা , দুচকুত কাজল সনা কোনোবা পৰীয়ে যেন এই কলেজত বিচৰন কৰিবলৈ আহিছিল । কলেজৰ বাৰান্ডাত উঠিয়েই । চুলিখিনি জোঁকাৰি দিওঁতে তাৰ পানী মোৰ মুখত পৰিছিলহি। মই যেন এটা স্থিৰ মূৰ্তি হৈ পৰিছিলোঁ। মূৰ্তিটোৱে মাথোঁ অপলক নয়নেৰে চাই ৰৈছিল পানীৰে মায়াময় হৈ পৰা অপৰুপা ৰূপৱতীক । এটা সময়ত গুচি গৈছিল সেই অপৰূপা; কিন্তু মোৰ হৃদয়ত দি থৈ গৈছিল নতুন শিহৰন। মই ইমানেই মোহিত হৈ পৰিছিলো যে।ক্লাছৰ আৰম্ভনি বেল পৰাৰ কাণতেই সোমোৱা নাছিল। মাথোঁ মোৰ দুচকুৱেদি অহা-যোৱা কৰি আছিল সেই অচিন অপৰূপাৰ ছবি । আগতে মোৰ কেতিয়াও এনেকুৱা হোৱা নাই। কলেজত বহু ছোৱালী দেখিছোঁ। কিন্তু আগতে এনে হোৱা নাছিল। সাধাৰনতে ভাগৱতী ছাৰৰ ক্লাছত মই সদাই সক্ৰিয় হৈ থাকোঁ।খুব মনোযোগেৰে কথাবোৰ শুনো, কাৰণ ছাৰে কাক কেতিয়া প্ৰশ্ন কৰে ঠিক নাই আৰু নোৱাৰিলে যি লাজ দিব তাতোকৈ দুচাটমান খালেই ভাল । বহু চেষ্টা কৰিও ক্লাছত মন বহাব নোৱাৰিলোঁ। ছোৱালীজনীক ইমানদিনেটো মই কলেজত দেখা নাছিলোঁ। তাই যে আমাৰ লগৰ হয় মই নিশ্চিত। ছোৱালী জনি নিশ্চয় ফাষ্ট ইয়েৰৰ। নহʼলে চকুত নপৰাকৈ নাথাকে।নৱাগত আদৰণী সভাৰ দিনাখনো দেখা নাছিলোঁ।বেʼল পৰিল । ছাৰ ওলাই গ'ল ।সেইদিনা মুঠতে কোনোমতে মন বহা নাছিল । কেন্টিনত অঞ্জন , ইমৰাণ,অজয়,ৰক্তিমহঁতে হুলস্হূল কৰি বিভিন্ন কথা পাতি আছে; মই কিন্তু মনে মনে আছোʼ।সাধাৰণতে মই কিন্তু মনে মনে থকা ল'ৰা নহয়। আনফালে হোৱা হ'লে সিহঁতৰ কথাত সহযোগ কৰিলোঁ হেঁতেন । কলেজৰ পৰা আহি বিছনাত শুই শুই সেই ছোৱালীজনীৰ কথাই ভাবি আছোঁ।অজয় আৰু দুলুহঁতে ছোৱালী জোকাই যদিও সিহঁতে ছোৱালীৰ সম্পৰ্কত কোনো বেয়াকৈ নাভাবে আৰু কাৰু কথা তেনেকৈ কোৱা মনত নপৰে। কেতিয়াবা দুই এটা কথা পাতিলেও কাৰ গাৰ্লফ্ৰেন্ড কেনেকুৱা, কোনে কাক কি কৰি পতালে, কাৰ কিমান বয়ফ্ৰেন্ড জাতীয় কথাবোৰ বাহিৰে অন্য কথা নাপাতে। সিহঁতৰ কোনো গাৰ্লফ্ৰেন্ড নাই । আচলতে আমাৰ চাৰিওতাৰ গাৰ্লফ্ৰেন্ড কাৰোৱেই নাই । কিন্তু মোৰ যে কি হৈ গ'ল ! মোৰ মন দাপোনত ইমান দিনে এনে এজনী ছোৱালীৰ প্ৰতিচ্ছবিয়েই কিজানি আছিল। অজয়, দুলু, আৰু ধনে মোক চাই আছে। মই মিচিকিয়াই হাঁহি ভাবি থাকোঁতে ইমান মগ্ন হৈ গৈছিলোঁ যে সিহঁতে যে মোক চাই আছে মোৰ খবৰেই নাছিল । অপ্ৰস্তত হৈ গহীন হ'লোঁ। অজয়ে ইংগিতেৰে সুধিলে কি হ'ল । ময়ো মোৰ জোঁকাৰি একো নাই হোৱা বুলি ক'লো।অজয়ে লগে লগে ক'লে—
ঃ একো নাই হোৱা বুলি কলেই মানিমনে ? ক্লাছত মন নাই , কেন্টিনত মৌন ব্ৰত আৰু এতিয়া বলিয়া দৰে অকলে অকলে হাঁহি আছ ! কি হ'ল কথাটো?
ঃ কিনো হোৱা দেখিলি? ঠিকেইটো আছোঁ। চাওঁ আঁতৰ । —বুলি কৈ মই কাপোৰ সলাবলৈ ললোঁ।
ধনে গিটাৰখন লৈ মৃদু সুৰত বজাই বজাই ক'লে —ডাল মে কুছ কালা হে দেই প্ৰবাদ দা। কোনোবা ৰুপহীয়ে মন ভুলালে নেকি? —মই নুশুনাৰ ভাও কৰিলোঁ।
ঃ একদম , কথাটো এতিয়াহে বুজিছোঁ। তই একেবাৰে ঠিক পইন্টত ধৰিছ দেই ধন।—অজয়ে ক'লে।
ঃ ময়ো সেইটোকই ভাবিছোঁ অজয় দা । আমাৰ পন্ডিত মহাশয়ৰ মূৰটো কোনোবা ৰম্ভা-মেনকাৰ পৰশত সকলো পাহৰি ৰম্ভাৰ ৰূপত মোহ গ'ল।
মুঠতে আটাইকেইটাই মিলি মোক ঠাত্তা মস্কৰা কৰাত লাগিল । মই তাৰ পৰা পৰিত্ৰান পাবলৈ কিতাপ পঢ়াৰ ভাও জুৰিলোঁ। ধনে গিটাৰ বজাই বজাই ৰোমান্টিক গান গোৱাট লাগিল । মই বুজিলোঁ।ইহঁতে আজি মোক ৰক্ষা নিদিয়ে। মিক্সাৰ বনাই অজয়ে আটাই কেইটা লৈ ভাগ কৰি ক'লে —প্ৰবাল, তই খাবি যানো ? তোৰটো পেট মানে মনটো ভৰিয়েই আছে । মন ভৰি থাকিলে পেটৰ ভোকো ক'ৰবাতেই লুকাই ।
দুলু আৰু ধনে হাঁহিলে।
ঃ মোৰ প্ৰেম হৈ গ'ল অজয়দা।— ধনে অভিনয় কৰি ক'লে।
ঃ অ'ৰিয়েলি? কাৰ লগত হ'ল কোৱানা ? তোমাৰ এই নিঃ কিন বন্ধুকো নোকোৱানে? নে সেই ৰুপহীয়ে তোমাৰ আপোন বন্ধুকো পাহৰাই দিলে । —অজয়হঁতে মোক খোঁচ মৰা কথা কিছুমান কৈ কৈ অভিনয় কৰিবলৈ ল'লে । সচাঁ……মানে মোৰ প্ৰেম হৈ গ'ল……এই ভাল লগা নামেই যদি প্ৰেম তেন্তে মোৰ প্ৰেম হৈ গ'ল। এতিয়া তেনেহʼলে তাক স্বীকাৰ নকৰি ওপাই নাই। অৱশেষত সিহঁতক কʼবলৈ বাধ্য হʼলো যে আজি কলেজত ছোৱালী এজনী দেখি মোৰ বহুত ভাল লাগি গʼল।
……… আগলৈ……
1 Comments:
Mja
Post a Comment
Subscribe to Post Comments [Atom]
<< Home