Assamese story: এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ৪)

Tuesday, March 1, 2022

এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ৪)

                        এখন প্ৰেম নদীৰ সন্ধানত 


       কথাটো জনাৰ পিছৰে পৰা  সিহঁতৰ গাত তত্ নাইকিয়া হ'ল। পিছদিনা সোনকালে কলেজলৈ গৈ গোটেইকেইটা হাজিৰ। সাধাৰণতে কলেজত    একেবাৰে মূৰামূৰি সময়তহে পাওঁগৈ। পূৱা সোনকালে ওঠাৰ এলাহ, ৰন্ধাৰ এলাহত সদায় দেৰি হয় । সেইদিনা মেন সময় পুৱা নাযায় হে নাযায় । ৮-৩০কলেজত উপস্হিত হʼলোঁগৈ।হায়াৰ চেকেণ্ডেৰী ক্লাছ ৯-৪৫ৰ পৰা যদিও প্ৰথমৰ পৰাই কোনজনী ছোৱালী তাক জানিবলৈ গেটʼত ৰৈ থাকিলোঁ; কিন্তু দুঃখৰ কথা যে সেইদিনা ছোৱালীজনী ক্লাছলৈ নাহিল। গোটেই কেইটা গোমোঠা মুখ লৈ ৰূম পালোঁগৈ।

              

                  সৌভাগ্য ক্ৰমে যেনিবা এদিন লাইব্ৰেৰীৰ সন্মুখতে, দেখি অজয়ক দেখুৱালোঁ।অজয়ে দেখি কৈছিল— বাঃ একেবাৰে জাকত-জিলিকা । অজয়ৰ মুখত ভাবী প্ৰেয়সীৰ ৰূপৰ প্ৰশংসা শুনি আপ্লুত হলোঁ। পিছদিনা দুলু আৰু ধনকো দেখুৱালোঁ। দুলুৱে ছোৱালী জনীক দেখিয়েই কৈ উঠিল— প্ৰবালদা আগতে মোক পাৰ্টি দি লোৱা। তাৰ পিছত তাইৰ বিষয়ে তোমাক কি ইনফৰমেচন লাগে মই দিম। 

                 আটাইকেইটা কেন্টিনত সোমালোঁগৈ । নিজৰ নিজৰ মতে অৰ্ডাৰ দিলে। বিল দিয়া পাল মোৰ। খাই বৈ তুষ্ট হৈ দুলুৱে কলে—

                 ঃ ছোৱালীজনী আমাৰ অঞ্চলৰেই । তাইৰ ককায়েকে আমাৰ মনিক মটৰ চাইকেলেৰে খুন্দিয়াইছিল। তেতিয়াৰ পৰা আমাৰ ঘৰৰ লগত সিহঁতৰ চিনাকি । মই অবশ্য সিহঁতৰ ঘৰ দেখাগৈ নাই নাই। দাদা আৰু মই সেইদিনা তাক পুৰা দিলোঁহেঁতেন । মণিʼৰ একো নহ'ল বুলিহে। দেউতাই নৰখোৱা হ'লে মই তাক যম পূৰি দেখুৱালোঁহেতেন। সেই খঙতে মই সিহঁতৰ ঘৰলৈ যোৱা নাই। অৱশ্যে মাকহঁত আমাৰ ঘৰলৈ আহিছে।

                   দুলুৰ কথা শুনি আমি তিনিটাই উলাহত ফাটি পৰিলোঁ। দূৰৈৰ মানিক মেন হাঁতত হে পালোঁ। এতিয়া দুলুৱে আমাৰ সমস্যা সমাধান কৰিব। কিন্তু কথাটো ছেকেণ্ড ইয়েৰতো ছোৱালীজনীক জনোৱাই নহ'ল। ফাইনেল পৰীক্ষা পোৱাহি কাৰণে সেইদিনা সিমানতেই স্থগিত কৰা হ'ল।

                      ফাইনেল পৰীক্ষাৰিজাল্ট দিলে। ডিস্তিংচনসহ পাঁচখন লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ । দেউতাই দূৰত পঢ়াৰ কথাটো উলিয়াইছিল যদিও অজয়হঁতক এৰি যোৱা দুখত , তদুপৰি মোৰ প্ৰেমৰ প্ৰস্তাব কেতিয়াও দিয়া হোৱা নাছিল, গতিকে ছল কৰি দেউতাৰ কথাটো তল পেলালোঁ। অজয়ৰো ৰিজাল্ট ভাল হৈছিল । দুয়োটাই সিদ্ধান্ত কৰি সেইখন কলেজতে ইংৰাজীত মেজৰ লৈ ডিগ্ৰী পঢ়িবলৈ ললোঁ। এইবাৰ যেনেকৈ নহওঁক তাইক প্ৰস্তাৱ দিম বুলি ঠিৰাং কৰিছিলোঁ। নতুন বছৰৰ নতুন ক্লাছ আৰম্ভ হ'ল । আমাৰো অভিযান আৰম্ভ হ'ল । প্ৰথম মেজৰ ক্লাছটো কৰি দ্বিতীয় মেজৰ ক্লাছটো কৰিবলৈ অজয় আৰু মই ৰৈ আছিলোঁ। তেনেতে ধনৰ মেচেজ আহিল, 'ভাবী কেন্টিন মে হে, আপ জল্দি সে কেন্টিন আ জায়ে।" অজয়ক কথাটো কৰোঁ।






0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home