Assamese story: অনন্ত যাত্ৰা ( ৰহস্য গল্প)

Monday, February 21, 2022

অনন্ত যাত্ৰা ( ৰহস্য গল্প)


                                      অনন্ত যাত্ৰা

   বিৰামহীন বৰষুণ । ইজাকৰ পিছত সিজাক বৰষুণ -যেন আকাশ খনে ইনাই বিনাই কান্দিছে । ঠেঁহ লাগি কন্দা অকনমানিটোৰ দৰে বুলি ভাবি অভিৰূপৰ হাঁহি ওঠি গ'ল -সৰুতে ইমান সৰু সৰু কথাতে কান্দি কাটি হায়ৰাণ কৰিছিল! ভাল অকৰা আছিল ।

    "বৰ্ষা ঋতু ভালপাও মই, প্ৰতিশ্ৰুতি আছে তাত।" -গুন গুনকৈ গাই মৃদু গতিৰে বৰষুণৰ আমেজ লৈ ৱেগনাৰ গাড়ীখন চলাই সি আগবাঢ়িল । সাধাৰনতে বৰ্ষা বিধৌত পথত ,পেনড্ৰাইভত বছা বছা গান ভৰাই লৈ এনেদৰে ভ্ৰমন তাৰ বৰ প্ৰিয় । আজিও প্ৰকিতিৰ এই আহ্বান সি নেওচিব নোৱাৰিলে। বৰষুণ জাকে অসময়তেই পৃথিৱীলৈ আন্ধাৰ নমাই আনিলে। জনশূন্য পথ । গাড়ীৰ লাইটৰ পোহৰত , বহুদূৰ বাটকুৰি বাই অহা বৰষুণৰ টোপালৰ আৰু ৰাস্তাৰ কলা নদীখনৰ মহামিলনৰ দৃশ্যৰ দৰ্শন কৰা সি একমাত্ৰ সাক্ষী যেন তাৰ অনুমান হ'ল ।

                   পথৰ দুয়োকাষৰ ঘৰবোৰত বিদ্যুতৰ লুকা- ভাকো ধেমালিৰ ফলত বৰ্তমান এন্ধাৰে সাবটি আছে । ঢিমিক ঢামাক চাকি আৰু মমৰ পোহৰে এন্ধাৰ নাশিবলৈ অপাৰগ হছে । নাতিদুৰত তাৰ চকুত দেখা দিলে । তাৰ কাষতেই বগা কিবা এটাই লৰ চৰ কৰিছে । সি গাড়ীৰ গতি সমান্য কমালেম । লাহে লাহে কাষ চাপি অহাত বগা চুৰিদাৰ কামিজ পৰিহিতা , কান্ধত বেগ এটা লৈ , বৰষুণত ছাতি মেলি ৰৈ এক নাৰী মূৰ্তী তাৰ দৃষ্টিত স্পষ্ট হ'ল । তাই ৰাস্তাৰ মাজতে থিয় হৈ হাত জোঁকাৰি গাড়ীখন ৰখাবলৈ চেষ্টা কৰিলে ।

                    অনিচ্ছা সত্ত্বেও সি গাড়ী খন ৰখালে আৰু দৰ্জাৰ আইনাখন নমাই দিলে ।তাই আগবাঢ়ি আহি কান্দো কান্দো মাতেৰে ক'লে — দাদা মোৰ ভাইতিৰ বৰ বেয়াকৈ এস্কিডেন্ট হৈছে । তাক লগৰ বিলাকে হস্পললৈ লৈ গ'ল । তাৰ মোৰ বাহিৰে আন কোনো নাই । সি বাচি আছে ঠিক নাই মই হস্পিটেল যাবলৈ ৰিস্কা –টেম্পু একোকে পোৱা নাই ইফালে ৰাতিও হৈ আহিছে । দয়া কৰি মোক পাহাৰটোৰ সিপাৰৰ হাস্পতালখনলৈকে আগবঢ়াই দিবনে?

            গাড়ী দৰ্জাখন খুলি সি কলে —আহক ।

ছাটিটো সামৰি তাই আগছিটত বঢ়ি কলে — ধন্যবাদ।প্ৰায় আধা ঘন্টামান সযময়েই হল , মই যাবলৈ চেষ্টা কৰা । আপুনি সহায় নকৰা হ'লে, মই কিযে কৰিলো হেতেন ! দুখন গাড়ী পাৰ হৈ গৈছিল ,ইমান ৰখাব চেষ্টা কৰিলোঁ,নৰখালে । সেয়ে আপোনাৰ গাড়ী আগত থিয় হৈ ৰখাব লগা হ'ল ,ক্ষমা কৰিব । মানুহবোৰ বাৰু কিয় ইমান স্বাৰ্থপৰ –কাৰো কাৰনে সহায়ৰ হাত আগবঢ়াব নোখোজে।

              মূৰটো সামান্য ঘূৰাই একেৰাহে কথা কৈ থকা ছোৱালীজনিলৈ চাই মনে মনে নিজকে কলে 'ধুনীয়া ছোৱালী'। প্ৰকাশ কৰি কলে –মানুহক অনাহকত গালি নাপাহৰিব মিছ .......।

: মিছ ৰুবি বৰুৱা। মোৰ ঘৰ নৈখনৰ পাৰত । আপুনি?

: মই অভিৰূপ ভৰদ্বাজ । মানুহ স্বাৰ্থপৰ হ'বলৈ বাধ্য, কাৰণ মানবতাৰ মৃত্যু ঘটিছে । তাক উপকাৰ কৰা সি যদি অজগৰ হৈ খায়, তেনে মানুহ স্বাৰ্থপৰ নহৈ অনাহকত বিপদত পৰিবলৈ কিয় বিচাৰিব ?

       খন্তেক দুয়ো মনে মনে পাৰ কৰিল । গভীৰ চিন্তা কৰি কোৱাৰ দৰে লাহে লাহে এটা এটাকৈ ৰুবীয়ে সুধিলে– আপুনি বাৰু কিয় এনেকৈ ক'লে ?

        তাৰ ওঁঠেৰে এটা বিদ্ৰোপৰ হাঁহি পাৰ হৈ গ'ল । নাই ....... কিছুদিনৰ আগৰ খবৰ এটালৈ মনত পৰিল । এইখন ঠাইৰেই খবৰ । এনেদৰে লিফট দি সহায় কৰা লোক এজনক ,ৰাস্তাত লগৰীয়াৰ লগ হৈ হত্যা কৰি , গাড়ী -টকা পইছা সৰ্বস্ব লৈ পলাল।

          সি কেৰাহিকৈ তাইলৈ চালে। এ.চি. গাড়ীৰ ভিতৰতো তাই ঘামিছে । বেগৰ পৰা ৰুমাল উলিয়াই মুখ মছিলে। পুনৰ সি ভাবিলে বৰ ধুনীয়া ছোৱালী।

      ইতিমধ্যে গাড়ীখনে পাহাৰাঅঞ্চল পাইছিলহি । একা বেকা সৰ্পিল গতিৰে গাড়ীখন আগবাঢ়িল ।

:বুজিছে মিছ ৰুবি । তিনিমাহৰ আগৰ কথা , ঠিক আজিৰ দৰে সেইদিনাও এনেকৈ বৰষুণ দি আছিল । এজনী ছোৱালী, ঠিক আপোনাৰ দৰেই ধুনীয়া । হাস্পাতালত থকা বেমাৰী মাকৰ ওচৰলৈ যাবলৈ গাড়ী এখন ৰখাই যাতায়তৰ অসুবিধা কথা কৈ যাবলৈ সহায় খুজিছিল । সহায় কৰি ভালপোৱা ড্ৰাইভাৰজনে নিঃসংকোচে তাইক গাড়ীত উঠাই লৈ এই পাহাৰীয়া পথেৰেই গতি কৰিছিল। তাৰ পিছত কি হৈছিল জানে –এইখিনি মান পোৱাৰ পিছতে,পাছফালৰ পৰা অহা দুজন আৰোহীৰ বাইক এখনে অভাৰটেক কৰি গাড়ীখনৰ আগত পথালি হৈ ৰাস্তাটো বন্ধ কৰি ৰৈ দিলে । ড্ৰাইভাৰে কিবা অনুমান কৰি পোৱা আগতেই ছোৱালীজনীয়ে ক্লৰফৰ্ম দিয়া ৰুমাল এখন তাৰ নাকে –মুখে হেচি ধৰিলে । তিনিওজন লগ হৈ তাৰ সকলো কাঢ়ি লৈ , সংজ্ঞাহীন ড্ৰাইভাৰটোক পাহাৰৰ তললৈ ঠেলামাৰি পেলাই দিলে । তলত থকা পাথৰত পৰি তাৰ মূৰটো ফালি গ'ল আৰু ৰক্তাক্ষন হৈ তাৰ মৃত্যু ঘটিল।– কথাখিনি কৈ সি এটা দীঘল হুমুনিয়াহ কাঢ়িলে । হঠাৎ সি উত্তেজিত হৈ চিঞৰি উঠিল –আইনা খন চাওকচোন ,আমাকো দেখুন বাইক এখনে পাছে পাছে খেদিছে । হৰ্ণ বজাই আমনি কৰিছে দুই আৰোহী সহ বাইকখনে । ছাইডটো দি দিয়াই ভাল – কি কয় ৰুবী?

             বাইকখনে গাড়ীখন অভাৰটৈক কৰি পথালিকৈ গাড়ী খনৰ আগত থিয় দিলে ।

সি হাঃহাঃ কৈ হাঁহি দিলে।

: ছ'ৰী ৰুবী আজি কিন্তু মই গাড়ী নৰখাও আৰু আপোনাৰ ক্লৰফৰ্মে মোৰ ওপৰত কাম নকৰে। 

    ভয়ে ভয়ে ৰুবীয়ে ড্ৰাইভাৰলৈ চাই চিঞৰি উঠিল ।মানুহটোৰ মূৰটো দুফাল , কেঁচা তেজৰ ধাৰা বৈ গৈ সৰ্বশৰীৰৰ তেজময় হৈ পৰিছে । ইতিমধ্যে গাড়ীয়ে তীব্ৰ বেগ লাভ কৰিলে । মাটিৰ পৰা গাড়ীখন কেইফুটমান ওপৰলৈ উঠি প্ৰচন্ড বেগেৰে গৈ বাইকখনত খুন্দা মাৰিলে ।গাড়ীৰ হে'ড লাইতৰ পোহৰত ৰুবীয়ে দেখিলে ফুটবলৰ দৰে বাইকখন আৰোহীসহ কেইবাফুট ওপৰলৈ উঠি থিয় পাহাৰৰ গৰাত অদৃশ্য হৈ গ'ল।

          

          : ৰুবী, তুমি বৰ ধুনীয়া । তিনিমাহৰ আগৰ হাস্পতালত বেমাৰী মাৰ ওচৰলৈ যোৱা ছোৱালী জনী তুমি আৰু ড্ৰাইভাৰটো আছিলোঁ মই । তেতিয়াৰ পৰা বৰষুণ দিলেই এনেদৰে গাড়ী চলাই ঘুৰি ফুৰোঁ। অকলে অকলে ফুৰি আমনি লাগিছে ,বৰ'হৈ গৈছো । তোমাৰ দৰে সুন্দৰী এজনী যদি মোৰ সহচৰ হয় , এই অনন্ত যাত্ৰা কিমান মে মোহনীয় হ'ব। হাঃ.....হাঃ.....

          পাহাৰৰ বুকুত প্ৰতিধ্বনিত হ'ল —'বচোৱা……বচোৱাৰ………,হেল্প……হেল্প………।ʼ

   

                                                             ✍️✍️✍️✍️✍️লেখিকা✍️✍️✍️✍️✍️

                                                                                 ্ৰূপালীম্ শৰ্মা

 

   


































0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home