Assamese story: অসমৰ চাহ Assam Green Tree

Monday, February 21, 2022

অসমৰ চাহ Assam Green Tree

 অসম চাহ

অসমৰ ৰঙা চাহ




অসম চাহ (ইংৰাজী: Assam tea) ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়। এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত। অসম চাহ, বা অসম নাম সংযোজিত চাহ, সাধাৰণতে "পুৱাৰ পানীয়" হিচাপে বিক্ৰী কৰা হয়। উদাহৰণ স্বৰূপে, আইৰিছ ব্ৰেকফাষ্ট টি, নামৰ মনোমোহা আৰু শক্তিশালী পুৱাৰ চাহত, ক্ষুদ্ৰ-আকৃতিৰ অসম চাহৰ পাত থাকে।



ক্ষিপ্ৰ তথ্য অসম চাহ, বৰ্ণনা ...

অসম চাহ

ভৌগোলিক স্বীকৃতি


বৰ্ণনা-    অতি উজ্জ্বল ৰঙৰ সুস্বাদু স্ফুৰ্টিদায়ক আৰু মনোমোহা চাহ প্ৰকাৰ     — পানীয়

অঞ্চল—  অসম

দেশ—      ভাৰত


বাংলাদেশ আৰু বাৰ্মাৰ (ম্যানমাৰ) সীমান্তত, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অৱস্থিত, অসম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ-উৎপাদনকাৰী ৰাজ্য। ভাৰতৰ এই অঞ্চলত বৃষ্টিপাতৰ হাৰ অতি বেছি, মৌচুমী ঋতুত প্ৰতিদিনৰ সৰ্বাধিক বৃষ্টিপাত ১০ ৰ পৰা ১২ ইঞ্চি (২৫০-৩০০ মিমি) পৰ্যন্ত হোৱা দেখা যায়। দিনৰ ভাগত প্ৰায় ১০৩ ফাৰেনহাইট (৪০ °ছে)লৈকে বৰ্ধিত উষ্ণতাই, বিৰল জলীয় বাষ্প আৰু উত্তাপৰ সেউজগৃহ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। এই বিশেষ জলবায়ুৱেই অসম চাহক প্ৰসিদ্ধ মনোমোহা সোৱাদ আৰু বৈশিষ্ট্য প্ৰদান কৰে।


যদিও অসমত সাধাৰণতে "ৰঙা চাহ" উৎপাদন কৰা হয়, কিছু পৰিমাণৰ "সেউজীয়া", আৰু নিজস্ব বৈশিষ্টৰ "বগা চাহ"ৰো উৎপাদন কৰে।


ঐতিহাসিকভাৱে, অসম দক্ষিণ চীনৰ পাছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰতেই কেৱল অসম আৰু দক্ষিণ চীনতহে থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায়।


আৱিষ্কাৰ 




অতিৰিক্ত তথ্য: ভাৰতত চাহৰ ইতিবৃত্ত


এই ১৮৫০ চনৰ চিত্ৰখনত অসম চাহ উৎপাদনৰ বিভিন্ন স্তৰবোৰ দেখুওৱা হৈছে।


গোলাঘাট জিলাৰ বাদুলীপাৰ চাহ বাগিছা

অসম চাহৰ "আৱিষ্কাৰ" ৰবাৰ্ট ব্ৰুচ, নামৰ এজন স্কট অভিযানকাৰীয়ে ১৮২৩ চনত আকস্মিকভাৱে কৰিছিল বুলি কোৱা হয়। অসমৰ হাবি-বননিত ঘূৰি ফুৰোতে তেওঁ এই গছবিধ "বন্য"অৱস্থাত গজি থকা দেখিছিল। মণিৰাম দেৱানে তেওঁক এজন স্থানীয় চিংফৌ গাঁৱৰ মুখিয়াল বিছা গামৰ ঘৰলৈ লৈ গৈছিল। তাত তেওঁ স্থানীয় চিংফৌ লোকসকলক এই গছৰ পাতৰ পৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰা দেখিছিল আৰু তেওঁ বিছা গামৰ পৰা সেই গছৰ পাত আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষণৰ বাবে সংগ্ৰহ কৰি অনাৰ যো-যা চলাইছিল। ইয়াৰ কিছু দিনৰ পিছতেই তেওঁৰ মৃত্যু হোৱাত, তেওঁ এই গছৰ প্ৰকৃত শ্ৰেণীবিভাজন জানিবলৈ সক্ষম নহ'ল। ১৮৩০ চনত তেওঁৰ ভাতৃ চাৰ্লছে অসম চাহৰ পাত কলিকতাৰ উদ্ভিদবিদ্যাৰ উদ্যানলৈ সঠিক পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল। অৱশেষত তাতে এই উদ্ভিদক চাহ গছ, বা Camellia sinensisৰ এটা প্ৰকাৰ বুলি চিনাক্তকৰণ কৰা হৈছিল, যিটো চীনা প্ৰকাৰ Camellia sinensis var. sinensisৰ সৈতে একে নহয়।


সুকীয়া মান সময়

অসমৰ চাহ বাগিছাবোৰত ভাৰত আৰু শ্ৰী লংকাত ব্যৱহাৰ কৰা ভাৰতীয় মান সময় (IST) অনুসৰণ কৰা নহয়। অসমৰ চাহ বাগিছাৰ স্থানীয সময়, যাক "চাহ বাগান সময়" বা "বাগানটাইম" বুলি কোৱা হয়, ভাৰতীয় মান সময়তকৈ এঘণ্টা আগবঢ়া। দেশৰ এই অঞ্চলত আগতীয়াকৈ সূৰ্যোদয় হোৱাটোক গুৰুত্ব দি, ব্ৰিটিছৰ দিনতেই এই পদ্ধতিটোৰ প্ৰচলন কৰা হৈছিল।


এই পদ্ধতিটোক এটা সফল পদ্ধতি বুলিব পাৰি, কাৰণ ইয়াৰ বাবেই চাহ বাগিচাৰ কৰ্মীসকলে দিনৰ ভাগত আন্ধাৰ হোৱাৰ আগতেই নিজৰ কাম সামৰিব পাৰে আৰু ই বাগিছাৰ উৎপাদনো বৃদ্ধি কৰে। চাহ বাগিচাৰ কৰ্মীসকলৰ কামকৰাৰ সময় পুৱা ৯ বজা (ভা. মা. স. পুৱা ৮ বজা)ৰ পৰা সন্ধ্যা ৫ বজা (ভা. মা. স. সন্ধ্যা ৪ বজা)লৈ, কিন্তু বাগিচা লৈ এই সময়ৰ কিছু সালসলনি দেখা যায়।


উল্লেখ্য যে, চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাইও উত্তৰ-পূৱৰ বাবে এটা সুকীয়া মান সময় প্ৰচলন কৰাৰ বাবে প্ৰচাৰ চলাইছিল।

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home