Assamese story: হৃদয়ৰ অনুভূতি

Tuesday, February 22, 2022

হৃদয়ৰ অনুভূতি

                                  

                             হৃদয়ৰ অনুভূতি       



    













 

        

                 পুৱাৰ পূৱৰ ৰঙা বেলিটিয়ে সন্ধিয়া আকৌ ৰঙা ৰঙৰ ৰহন সানি পশ্চিমৰ দিশত মেলানি মাগিছে,তাৰ ক্ষন্তেক পিছতেই নিশাৰ জোনটিয়ে শুকুলা আকাশৰ কোলাত ওঠি মেঘৰ আৰে আৰে চিক মিক পোহৰ বিলাই জুমি চাবলৈ আৰম্ভ কৰিছে...... নৈৰ কাষতেই থকা আম গছজোপাৰ পৰা ফেঁচা ৰ ওৰুলি দিছে.........এটা ক্লান্ত শান্তিময় পৰিবেশ।

          থিক তেনেসময়তেই কোনোবা নাৰীৰ আবেগেৰে ভৰা এটি কন্ঠৰ পৰা লাহেকৈ বিয়পিছে কিছু বাৰ্তালাপ………


ছোঃ ও শুনাছোন আকাশেও নিশাৰ জোনটোক বুকুত তুলি ললে বেলিটিও দিনৰ চোকা ৰ'দ ক বুকুচা লৈ ঘৰ মূলা হ'ল কিন্তু …….…? তুমি................!

লঃ আৰে বাবা মই বুজু সেইয়া! কিবা এটা................? নহলে যানো মই মোৰ আকাশৰ জোনটোক ধৰি ৰাখিব পাৰিম………?পিছত কি দিম তোমাক……?

ছোঃ মোক একো দিব নালাগে ! যদি তুমি বিচৰা সেই জোনটো পোহৰ নাইকিয়া হৈ যাই তেতিয়া ………?

ল'ৰাঃ তেনেকৈ ন...........! মোৰ ভাল নালাগে মই বেয়া পাও সেইবোৰ কথা!

 

ছোঃ যদি তুমি আনৰ হৈ যোৱা…………?

লঃ ধেই……কিযে কোৱা তুমি পাগলী হৈছা নেকি?

ছো: না………ভয় লাগে অহঃ তোক হেৰাই পেলাযম বুলি!🥺 ঘৰত যিহে যেনেকুৱা………………?

লঃ মই থাকোতে কোনেও একো কৰিব নোৱাৰে তোমাক কোনেও তোমাক মোৰ পৰা………

ছোঃ ওম………মই যানো । হ'লেও…………? কিবা এটা ভয় লাগে অহ... তোক হেৰাই পেলাম বুলি।      বলা এতিয়া ঘৰলৈ যাও ভালেমান সন্ধিয়া হ'ল 

লঃ যোৱাইনে……?  তোমাৰ লগত সময়বোৰ পাৰ কৰিলে কিবা তোমাৰ পৰা আতৰি যাবলৈ এই মন নাযাই দেখুন যেনে কৈ নৈ খনে নদীৰ গড়াক এৰি নিদিয়ে 

ছোঃ হ'ব ইমান যদি নৈ গৰাৰ দৰে কাষত থাকিবলৈ আৰু আকাশ হৈ জোনক সাবটি লবৰ মন আছে কৰি ল নিজৰ জল্দি তুলি লোৱা বুকুচাত……নহলে কেতিয়াবা অমাবস্যা হৈ নোহোৱা হৈ যাম আৰু তুমি বিচাৰি ফুৰিব লাগিব মোক 

লঃ যিমান অমাবস্যা হ'লেও জোনে যানো কেতিয়াবা আকাশখনক এৰি যাই । জোন, তৰা অবিহনে যেনেকৈ ৰাতিৰ আকাশখন অস্তিত্বহীন থিক তেনেকৈ মোৰ জীৱন অস্তীত্বশীল তুমি অবিহনে । তোমাক কোনেও মোৰ পৰা আতৰাই নিব নোৱাৰে ।

ছো: ওম হ'ব………বৰ বৰ কথা নিজৰ কৰি…………হুহ😏

লঃ হ'ব দিয়ক আইদেউ বলা এতিয়া 


           সন্ধিয়া জোনৰ চিকমিকিয়া পোহৰত দুয়ো ঘৰলৈ আগবাঢ়ি গ'ল । কিছুদুৰ যোৱা পিছতেই তাইৰ ঘৰ আহি পালেহি ।দুয়ো  পদূলিৰ মূৰত ৰখি চকুত চকু থৈ তাই গালত এটি চুমা পৰশ দি ঘৰলৈ সোমাই গ'ল বাই বুলি কৈ 

     

      জোনৰ পোহৰত অকলে ঘৰলৈ বুলি বাট ললে তাইকেই ভাবি ভাবি আগবাঢ়ি গ'ল ছায়া তোকেই সংগী কৰি লৈ। 

         ক্ষন্তেক সময় পিছত ঘৰত  গৈ পোৱাৰ পিছত বিচনাত পৰি দিলে ...

তেনেতেই আকৌ বাজি ওঠিল ফোনটো.....

     ভাহি আহিছে তাইৰ মিঠা হাঁহি টোৰ লগতে তাই নম্বৰ টো 

ফোন ৰিচিভ কৰি আকৌ………

লঃহেল্লো 

ছোঃ ওম ঘৰ গৈ পাৰা………?

ল:ওম পালো....


আকৌ আৰম্ভনি এক বুজাব নোৱাৰা অনুভূতি....












0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home