Assamese story: মা (চুটি গল্প) এক মিনিটৰ গল্প

Wednesday, February 23, 2022

মা (চুটি গল্প) এক মিনিটৰ গল্প

                                      মা

    

     হো ষ্টেললৈ যাবলৈ ওলোৱা জীয়েকৰ ডাঙৰ ডাঙৰ বেগ দুটা বাছৰ কন্ডাক্টৰজনক গতাই দিলে মানুহজনে । তাৰ পিছত জীয়েকৰ মূৰত হাতখন ফুৰাই কিবা এবাৰ কৈ বাছৰ পৰা নামি গ'ল তেওঁ । আমি অহা 
ছিটৰ কাষৰ ছিটটোত মাকৰ হৈতে বহিল ছোৱালী জনী । ধুনীয়া মুখখন ওন্দলি আছে , কাৰণ কেবাটাও হ'ব পাৰে ; হয়তো হোষ্টেলত থাকিব বিচৰা নাছিল , হয়তো দেউতাকে লগত অহাটো বিচাৰিছিল , নহ'লে আন কিবা ব্যক্তিগত কাৰণ হয়তোবা । 

   

   ঃ গ্লাছখন বন্ধ কৰি লোৱা মাজনী । —মাকৰ মৰমসনা মাতষাৰ শুনি চকু গ'ল তেওঁলৈ । — নহ'ল ছুৱেটাৰ এটা উলিয়াই আনি পিন্ধা । ঠান্ডাত গা বেয়া কৰিলে কোনে চাব হোষ্টেলত?

    মʼবাইলত মূৰ গুঁজি থকা ছোৱালীজনীয়ে প্ৰথমবাৰ নুশুনিলেই। আকৌ ক'লে মাকে । এইবাৰ সোঁৱে-বাঁৱে মূৰটো লৰালে তাই । ডিচেম্বৰৰ সেমেকা বতাহজাকে তেওঁলোকৰ খোলা খিৰিকীৰে সোমাই আমাৰ গাবোৰো কঁপাই গ'ল । মাকে নিজে লৈ থকা শ্বলখনেৰে জীয়েকৰ হাত দুখন ঢাকিবলৈ যত্ন কৰিলে । তাই শ্বলখনৰ তলত ঢাক খাই পৰা মʼবাইলটো উলিয়াব খোজোঁতে ছিটৰ তলতে পৰিল ।

      :কিনো কৰি থাকা তুমি ! —অলপ খঙেৰেই ক'লে ছোৱালীজনীয়ে । মোৰ চকুৱে চকুৱে পৰাত অপ্ৰস্তত হৈ শেঁতা হাঁহি এটা মাৰিলে মাক ।

    : কি যে অভদ্ৰ! এনেকুৱা ছোৱালীবোৰ অনাথ হোৱাই ভাল ।—মোৰ কাষত বহি অহা মানুহগৰাকীয়ে চেপা মাতেৰে ক'লে । একো মন্তব্য নিদিলোঁ মই। কিছুমান বস্তুৰ মোলটো তেতিয়ালৈকে সেই বস্তুটো অতিমাত্ৰা সুলভ হৈ থাকে । মৰম চেনেহ আৰু আদৰ—যতনৰ বেলিকাও একেটা কথাই খাটে । আগতে যেতিয়া মায়ে ইটো নকৰিবি, সিটো নকৰিবি, ইটো নাখাবি, সিটো নাখাবি বুলি হক-বাধা কৰিছিল , তেতিয়া আমাৰো খং উঠিছিল , জেদ বাঢ়িছিল । বেছিকৈ কৰিবলৈ মন গৈছিল নকৰিবলৈ কোৱাবোৰ । কিন্তু এতিয়া সেই কথাবোৰ এশ শতাংশই শুদ্ধ আৰু সঠিক যেন লাগে। তাইৰো নিশ্চয় তেনেকুৱাই হʼবগৈ; মাকৰ কথা নুশুনাৰ বাবে যদি ঠান্দা লাগি হোষ্টেলত গা বেয়া কৰে। তেন্তে সেইখিনি সময়ত তাই মাকৰ বুকুৰ উম আৰু দুহাতৰ চেনেহী পৰশ বিচাৰিব । ম'বাইলত গেম খেলি ব্যস্ত হৈ থাকোঁতে মাকৰ সৈতে পাতিবলৈ বাকী ৰোৱা কথাবোৰ ক'বলৈ নিশ্চয়কৈ প্ৰথম ফোনটো মাকলৈকে কৰিব। বয়: সন্ধিৰ কাল এইছোৱা, জীৱনটোৰ সৈতে নকৈ চিনাকি হোৱাৰ । 'কথা'ৰ আঁৰৰ 'কথা' আৰু 'কাৰণ'বোৰ বুজি পোৱাৰ সময় এয়া, আমি নিশ্চয়কৈ কিছু সময় আৰু সুবিধা দিয়াৰ প্ৰয়োজন ।

                 নমাৰ আগে আগে আকৌ চালোঁ মাকলৈ, জীয়েকৰ গাত গা লগাই বহিছে। নিজৰ গৰম কাপোৰখনেৰে জীয়েকৰ গাটো উমাবৰ চেষ্টা কৰিছে । আৰু জীয়েক ? তাই মাকৰ কান্ধত মূৰটো পেলাই চকু দুটা মুদি আহিছে । ভাল লাগি গ'ল দেখি । চেনেহী আইৰ উমাল পৰশ আওকাণ কৰিব পৰাকৈ ইমান কঠুৱা হৃদয় এখন নিশ্চয় নাই কাৰোৱেই।

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home