Assamese story: এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ২)

Sunday, February 27, 2022

এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ২)

                           এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ২)


                   মই যেতিয়া উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত । ঘৰৰ পৰা কলেজলৈ দূৰ হোৱাৰ কাৰণে দেউতাৰ পৰামৰ্শমতে মেছত থাকি কলেজত পঢ়িছিলোঁ। মা-দেউতা পঢ়া শুনা বিষয়ত ভীষণ ছিৰিয়াছ । সেয়ে মেছত থাকিয়েই মোৰ কলেজীয়া জীৱন আৰম্ভ হৈছিল । অজয়ক মই প্ৰথমৰপৰাই পাইছিলোঁ।প্ৰথম কলেজত তাৰ লগতে চিনাকি হৈছিলোঁ আৰু আমি দুটা অভিন্ন বন্ধু হৈ পৰিছিলোঁ। ফাৰ্ষ্ট ইয়েৰ বছৰটো ভাল ভাবেই পাৰ হৈ গৈছিল । ছেকেণ্ড ইয়েৰত দলু আৰু ধন আহিছিল। আহিয়েই চাৰিওটা এটা 'ব্ৰেণ্ড' হৈ পৰিলোঁ । কিমান যে উৎপাত হৈছিল মেছত । ঢোল, বাঁহী,গীটাৰ সকলো ৰুমত ৰেডী , যাৰ যি মন যাই বজাই গৈছিল । মাজে মাজে অৱশ্যে বৰদেউতাৰ গালি নুশুনা নহয় । পঢ়া শুনা নকৰাকৈ আজ বাজে কাম কৰিলে । বৰমায়ো গলি পাৰিছিল । মেছৰ ঘৰৰ মালিক বৰদেউতা আৰু বৰমায়ো আমাক বৰ মৰম কৰিছিল । বৰদেউতাৰ একমাত্ৰ জীয়েক কুলুবাই বাংগালোৰত ইন্জীনিয়াৰিং পঢ়ি আছিল । সেয়ে বৰদেউতাক আমি সহায়ো কৰিছিলোঁ। সেই অনুপাতে আমাক মৰমো দিছিল । আবেলি চাৰিওতাই ৰাস্তাত থকা পুলটোত বহি লৈ ছোৱালী জোকাইছিলোঁ। অজয় আৰু ধন ছোৱালী জোকোৱাত পাকৈত আছিল । মোৰ কিন্তু তেনেকৈ কোনো ছোৱালীৰ প্ৰতি অনুৰাগ জন্মা নাছিল । সিহঁতৰ মন্তব্য শুনি দুই এটা সুহুৰিহে বজাইছিলো । ভাত ৰন্ধা আৰু কাপোৰ ধোৱাক লৈ কিযে এলাহ । ধন অবশ্য ৰন্ধাত পাকৈত আছিল । সি লিষ্ট কৰি আমাক ৰান্ধিবলৈ দিছিল যদিও তাকেহে আমি ছলে-বলে - কৌশলে ৰান্ধিবলৈ দিছিলোঁ ।তাৰ কিছু চৰ্ত তাৰ বিনিময়ত মানিব লগা হৈছিল। সি মাছ মাংস কিবা এটা হলেহে ৰান্ধি ছিল আৰু কেতিয়াবা কেন্টিনত খুৱাব লগা হৈছিল । জোতা -চেন্ডেল , চাৰ্ট-পেন্ট যাৰ যি মন যায় , যাৰ যি পছন্দ হয় তাকে পিন্ধি ফুৰিছিলোঁ। কেতিয়াবা মোৰ চাৰ্টটো সিহতেই পিন্ধি পুৰণা কৰাৰ পাছতহে  মই পিন্ধিবলৈ পাইছিলোঁ।ধোঁৱাৰ সময়ত যি অৱস্থা হৈছিল আজিও হাঁহি ওঠে । গধুলি হোৱাৰ আগে আগে এপাক ফুৰি আহি ৰুমত সোমাইছিলোঁ। কেতিয়াবা সৰস্বতীৰ ফটোৰ আগত মন গ'লে ধূপ জ্বলাইছিলো , কেতিয়াবা পাহৰি এই থাকিছিলোঁ। অৱশ্যে পৰীক্ষাৰ সময়ত অনবৰতে সৰস্বতী দেৱীক ধূপেৰে আৱৰাই ৰাখিছিলোঁ।পঢ়া শুনা ঠিকমতেই গোটেই কেইটাই কৰিছিলোঁ । সেই অনুপাতে ৰিজাল্টো ভাল হৈছিল । সকলো ঠিকেই গৈছিল— চিনেমা চোৱা , কেন্টিনত আড্ডা মৰা , পঢ়া-শুনা সকলোবোৰ । তাৰ মাজতেই মোৰ এদিন চকু ৰৈ গৈছিল । বৰ্ষা মুখৰ এটা দিনত মোৰ হৃদয় কাঢ়িছিল কাজলসনা চকুৰে বৰষুণত ভিজি থকা এগৰাকী মায়াৱিনীয়ে………

                                                                       আগলৈ.….………










0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home