অপহৰণ (ধাৰাবাহিক কাহিনী) খন্ড ২
অপহৰণ( ধাৰাবাহিক কাহিনী) খন্ড ২
সিহঁত তিনিটা নলে-গলে লগা বন্ধু —সৌৰভ,দীনেশ,ৰামদয়াল।শিৱসাগৰৰ চহৰত দীনেশৰ দেউতাকৰ ডাঙৰ হাৰ্ডৱেৰ দোকান,ৰাম দয়ালৰ দেউতাক এগৰাকী আগশাৰীৰ প্ৰম'টাৰ আৰু সৌৰভ বহুত ডাঙৰ ঘৰৰ ল'ৰা, তাৰ দেউতাক হৰিনাৰায়ণ শৰ্মা গুৱাহাটী হাইক'ৰ্টৰ এগৰাকী নামজলা উকিল ।তিনিওজনেই স্নাতক , কিন্তু বৰ্তমানে নিবনুৱা । অৱশ্যে সৌৰভে বৰ্তমান এল.এল.বি. পঢ়ি আছে। প্ৰতিদিন সন্ধিয়াৰ পাছত সিহঁতে আলিবাটটোৰ কেঁকুৰিত থকা গংগুৰ চাহ দোকানত বহি আড্ডা দিয়ে । সিহঁত তিনিওতাই দু:সাহসিক কাম কৰি ভাল পাই। সিহঁতৰ মাজত সৌৰভৰ সাহস আৰু বুদ্ধী বেছি । তাৰ দৈহিক শক্তিও যথেষ্ট —নিয়মিত জিমলৈ যাই । সিঁহত কিছুমান অসাধাৰণ আৰু দুঃসাহসিক কাম লৈ বাজী মাৰে । বাজীৰ চৰ্ত থাকে , যিয়ে জিকিব সিয়ে সেইদিনা সন্ধিয়া সিহঁতৰ পাৰ্টি খুৱাব । এবাৰ এজনী ধুনীয়া কলেজীয়া ছোৱালীক বাজীৰ চৰ্ত অনুসৰি ফুল দিবলৈ গৈ সৌৰভ, থানালৈও যাবলগীয়া হৈছিল।
সিহঁতৰ চুবুৰিটোত ওম প্ৰকাশ আগৰৱালা নামৰ এগৰাকী বিত্তমান উদ্যোগপতিয়ে বাস কৰে । তেওঁ বৰ কৃপন । এলেকাটোৰ কোনো পূজা-পাৰ্বণ, বিহু আদি অনুষ্ঠানৰ বাবে এটকও বৰঙনি নিদিয়ে । সেয়ে এলেকাটোৰ লৰাবোৰে তেওঁৰ ওপৰত এনেও খং খাই আছিল । সৌৰভ হ'তেও এশিকনী দিবলৈ সুযোগৰ অপেক্ষাত আছিল। এদিন সন্ধিয়া সিহঁত যেতিয়া গংগুৰ চাহ দোকানত বহি আড্ডা দি আছিল , দীনেশে সৌৰভক চেলেঞ্জ এটা দিলে যদি ওম প্ৰকাশ আগৰৱালা ৰ পৰা কেইবা লাখ টকা উলিয়াব পাৰে তেনেহলে সিহঁতে তাক দহ হাজাৰ টকা দিব । অলপ সময় চিন্তা কৰি সৌৰভে দীনেশৰ চেলেঞ্জটো মানি ললে , কিন্তু সি সিহঁতৰ আগত এটা চৰ্ত থলে — তাৰ পৰিকল্পনাত সিহঁত দুয়োটাই সহায় কৰিব লাগিব। দীনেশ আৰু ৰামদয়ালে তাৰ চৰ্তটো মানি ললে ।ওম প্ৰকাশ আগৰৱালাৰ সৰু ভনীয়েকৰ জীয়েক ৰেশ্মীৰ লগত যিহেতু সৌৰভৰ অন্তৰৰ সম্পৰ্ক , সেয়ে সি ভাবিলে যে তাৰ প্লেনটোত ৰেশ্মীয়েও তাক সহায় কৰিব । সি দীনেশ আৰু ৰামদয়ালক পাছদিনা পুৱা দহ বজাত ক্লাবলৈ মাতিলে , প্লেনটোৰ বিষয়ে সিহঁত দুটাৰ লগত আলোচনা কৰাৰ বাবে । সিহঁতৰ চুবুৰীটোত থকা খেল পথাৰখন বাওঁফালে সিহঁতৰ 'মিলনজ্যোতি' সংঘ'ৰ কায্যালয় । পুৱাৰ এই সময় কনত ক্লাবলৈ কোনোৱেই নাহে , সেয়ে গোপনে আলোচনা কৰিব পৰা যাব। কথামতেই কাম । সিহঁত তিনিওটা দহ বাজি দহ মিনিটত ক্লাবত আহি উপস্হিত হ'ল ।
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home