Assamese story: এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ১)

Friday, February 25, 2022

এখন প্ৰেম নদীৰ সন্ধানত (খন্ড ১)


                     এখন প্ৰেম নদীৰ সন্ধানত 


     সময় আবেলি। ৰান্ধনি বেলিটো যাবলৈ যো-জা চলাইছে । ভিতৰৰ পৰা আহি বাহিৰৰ বাৰান্ডাৰ আৰাম চকীখনত বহিলোঁ।এটা দীঘলীয়া উশাহ লৈ চকু দুটা মুদি দিলোঁ।  ফিৰফিৰকৈ এজাক বতাহ বলিছে ।আগতে দেউতাই এনেদৰে বহি লৈ কিবা ভাবি থাকে । আগতে ভাবিছিলো দেউতাই নো কিয় এনেকৈ বহি থাকে কিনো ভাল পাই এনেকৈ বহি! কিন্তু এতিয়া এনেদৰে বহিলে হৈ যোৱা জীৱনৰ সুখ-দুখ , পোৱা-নোপোৱা, বেদনা বোৰে আমনি কৰেহি । ফুলনিৰ পৰা তীব্ৰ গোন্ধ এটা নাকত লাগিলেহি । আচলতে আজি পুৱা দলু আহিছিল । সি অহাৰ পৰা মনটো বেছি অস্থিৰ হৈ আছে ইহঁতবোৰ আহিলে মোৰ অতীতটো যন পুনৰ সজীব হৈ মোৰ সন্মুখত ৰয়হি । এনেও অতীতে মোক অনবৰতে পিছ লৈ থাকে যদিও দলু, অজয়,ধনৰ কথা মনলৈ আহিলে অতীতটোৱে মোৰ বুকুত বেছিকৈ লৰি চাপৰি ফুৰে । দলু অজয় , ধন মোৰ কলেজীয়া দিনৰ ৰুমমেট আছিল । দুলু আৰু ধন সৰু আছিল যদিও অজয় আৰু মোৰ লগত এনেদৰে মিলিজুলি আছিল যে মেছৰ পৰা ঘৰলৈ আহিবলৈ মনেই নগৈছিল । তেজৰ সম্পৰ্ক নথকাকৈয়ো মানুহ যে আত্মিক বান্ধোনেৰে আট খাব পাৰে তেতিয়াহে বুজিছিলোঁ । আজিও সিহঁত কেইটাৰ লগত মোৰ সম্পৰ্ক আগৰ দৰেই আছে । দুলুৰ বিয়া । বিয়াৰ নিমন্ত্ৰণী পত্ৰ দিবলৈ আহিছিল । মোক বিয়ালৈ আগতীয়াকৈ যাবলৈ দঢ়াই দঢ়াই কৈ গৈছে। আচলতে সি মানে তথাপিও কৈ গৈছে যাৰ যাৰ মনত আছে সকলোকে বিয়ালৈ মাতিছে । গতিকে অতীতৰ বন্ধুবোৰকে চাবলৈ বিয়ালৈ যাব লাগিব। বিয়া প্ৰেম বিশ্বাস ......... এইবোৰ মোৰ জীৱনত ! তাৰ বিয়ালৈ নোযোৱাৰ প্ৰশ্নই নুঠে । বহুদিন হ'ল অজয়কো লগ পোৱা নাই । অজয় আগতকৈ গহীন হ'ল যদিও দুলু আগৰ দৰে একেই আছে । সেই চিঞৰি চিঞৰি কথা কোৱা, ডাঙৰকৈ হঁহা, অনবৰতে স্ফূৰ্তি-তামাছাৰে জীৱনটো ভৰাই ভৰাই ৰাখিব খোজা ল'ৰাটো সলনি নহল । সি মোক মাজে মাজে কৈয়ে থাকে, 'প্ৰবালদা হাঁহিটো কত সোমোৱালেগৈহে ! আৰু মাতট মাতিলেও আকাশখন খহি পৰিব নেকি?

           আজিও সি পূবালীৰ সন্মুখতে মোক সুধিছিল —'বৌ, দাদাক কি অত্যাচাৰ কৰিছা হে যে মুখৰ হাঁহি সকলো হেৰাল? 

       মই পূবালিলৈ চাইছিলোঁ। পূবালিয়ে মিচিকিয়াই হাঁহি কৈছিল ,— ''তোমাৰ দাদাৰ লগত থাকি মইহে কেতিয়াবা কথা কবলৈ পাহৰিম যেন বোধ হয় ।" 

  সকলোৱে গিৰ্জনী মাৰি হাঁহিছিল । দুলুৱে সকলো বুজে । তথাপিও ইহঁত সকলোৱে মোক আগৰ দৰে ঘুৰাই আনিব বিচাৰে । এটা সময়ত ময়ো হাঁহিছিলো জীৱনত প্ৰাপ্তীৰ আনন্দত , সীমাহিন সুখৰ দলিচাত । আৰু এদিন সুখৰ মৰিচীকাই মোক জীৱনৰ বিৰাগ জন্মাইছিল । অসহ্য হৈ পৰিছিল মোৰ সকলোবোৰ । বহু মন গলেও সেই দিনবোৰৰ দৰে এবাৰো প্ৰান খুলি হাঁহিব নোৱাৰো । হাঁহিলেও সেয়া স্বতঃ স্ফূৰ্ত নহয়।

       কাৰোবাৰ মাতৰ পৰা সাৰ পালোঁ কথাবোৰ ভাবি থাকোতে টোপনি এই আহি গৈছিল । পূবালিয়ে চাহ আনিছে । চাহকাপত তেওঁৰ হাতৰ পৰাই ললোঁ । দুই-এটা কথা পাতি তেওঁ ভিতৰলৈ গ'লগৈ । এই জনী মোৰ পত্নী পূবালি — যি ব্যগ্ৰ হৈ পৰে প্ৰতিটো মূহুৰ্ত মোৰ সুখ-দুখ , সমস্যাক লৈ । কেতিয়াবা নিজকো দুখী অনুভব হয় । অজয়ে কোৱাৰ দৰে মই বাৰু কাৰোবাৰ ভূলৰ শাস্তি আন কাৰোবাক দিছো নেকি ? হাজাৰ চেষ্টা কৰিলেও পূবালিক মোৰ হৃদয়ৰ পৰা আজিও গ্ৰহন কৰিব পৰা নাই । তাইৰ লগত কটোৱা সময় , সম্পৰ্ক সকলোবোৰ মেন যান্ত্ৰিক, কৃত্ৰিম । কেতিয়াবা তাই মোৰ বুকুৰ মাজত থাকিলেও মোৰ নিজৰ অজানিতে এটা সুমুনিয়াহ ওলাই যায়। নি়ঃস্বাৰ্থ ভাবে আজিও পূবালিক মই ভাল পাব পৰা নাই। ; কিন্তু মোৰ বাহিৰে মা, ভন্টীৰ লগত পূবালিৰ ভাল সম্পৰ্ক । মা হতৰ লগত তাইক দেখিলেতো আন এখন ঘৰৰ ছোৱালী দৰে নালাগেই । তিনিওজনিৰ হাঁহিৰে ঘৰখন ভৰি থাকে । সেয়া মই লগত থাকিলে কেতিয়াও সম্ভব নহয় । মাঁহত সুখী হোৱা কাৰনে মইয়ো  সুখী যেনেই কৰি দেখুৱাও , কিন্তু মোৰ কি ভীষণ কষ্ট হয় সেয়া মই কাক কেনেকৈ বুজাম ……! কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ কি এটা খোৱাৰ মাজত সোমাই আছো যে তাৰ পৰা ওলাই আহিব নোৱাৰিলোঁ।

                                                        আগলৈ……………









0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home