Assamese story: অপহৰণ (ধাৰাবাহিক কাহিনী) খন্ড ১

Tuesday, February 22, 2022

অপহৰণ (ধাৰাবাহিক কাহিনী) খন্ড ১

                               অপহৰণ( খন্ড ১)

         


 

          পুৱা শুই উঠিয়েই সৌৰভ গা ধুবলৈ গ'ল।আজি তাৰ মনটো বেছ প্ৰফুল্লিত; কাৰণ সি আজি ৰেশ্মীৰ লগত তলাতল ঘৰ ফুৰিবলৈ যাব।কালি ৰাতি লৈকে কিন্তু সি মনটো মাৰি বহি আছিল, ক'লৈকো সি ওলাই যোৱা নাছিল । তাৰ বন্ধু মহলৰ গ্ৰুপটো একত্ৰিছ ডিচেম্বৰৰ উপলক্ষেত চৰাইদেউ লৈ যাব ; কিন্তু সি ৰেশ্মীক লগ ধৰাত পোনচাটেই আপত্তি কৰিলে । তাইক ঘৰৰ মানুহে এনেকৈ যাব নিদিয়ে । বহুতো বুজাই মেলিও তাইক সৈমান কৰিব পৰা নাছিল । সেয়ে সৌৰভৰ মনটো বিমৰ্ষ হৈ পৰিছিল । কিন্তু ৰাতি এঘাৰ বজাৰ পাছত শুবলৈ লওতে হঠাৎ ৰেশ্মীয়ে ফোন কৰি জনাইছিল যে তাইক ঘৰৰ পৰা যাবলৈ দিছে ,সন্ধিয়াৰ আগতেই ঘৰলৈ উভতিবৰ লাগিব । ৰেশ্মীৰ কোনটো পাই তাৰ অন্তৰখন পাতলিছিল।

                            বনভোজ যোৱা দিনা চৰাইদেউত এনে এটা ঘটনা ঘটিল , যাৰ বাবে সৌৰভ মুঠেও প্ৰস্তুত নাছিল । দলটোৰ বাকী সদস্য সকলে যেতিয়া ব্ৰেকফাস্ট খাই বিভিন্ন কামত ব্যস্ত হৈ পৰিল, ৰেশ্মী আৰু সৌৰভে বালি মৈদাম চাবলৈ ওলাই গৈছিল। সিহঁত দুটা মৈদামটোৰ পাছফালে হাবি- বননিৰ মাজেৰে বাট ওলিয়াই দিখৌ নদীৰ পাৰলৈ নামি গ'ল । ঠিক তেনেতে হঠাৎ কোনোবাই সৌৰভক লক্ষ্য কৰি এখন চুৰি নিক্ষেপ কৰিলে ; কিন্তু ভাগ্য ক্ৰমে তাৰ গাত নালাগি সেইখন ওচৰতে থকা গছ এজোপাৰ গাত সোমাল । এনেধৰনৰ হঠাৎ হোৱা আক্ৰমনত সিহঁত দুটা ভয় আৰু বিস্ময়ত হ'ল । ঘটনাৰ আকস্মিকতাত কোন দিশৰ পৰা চুৰি খন নিক্ষেপ কৰা হৈছিল সেইটো ধৰিবই নোৱাৰিলে । সিহঁত দুয়োতাই ইমানেই ভয় খালে যে কিছু সময় তাতেই থৰ হৈ থাকিল । কি কৰিব উৱাদিহ নাপালে । কৈই মূহুৰ্তমান একে সময়তে থিয় হৈ থাকি সৌৰভে গছজোপাৰ ওচৰলৈ গৈ ছুৰিখনে যত লাগি ধৰিছে সেইফালে লক্ষ্য কৰিলে । ছুৰিখনৰ আগছোৱাত কাগজৰ টুকুৰা এটা ওলমি আছে । অতি সাবধানে ছুৰিখন গা- গছৰ পৰা উভালি আনি কাগজৰ টোকোৰাটো হাতত লৈ দেখিলে যে তাত ৰঙা আখৰেৰে কিবা এটা লিখা আছে । ' সৌৰভ , ৰেশ্মীৰ জীৱনৰ পৰা আতৰি যা নহ'লে ইয়াৰ পৰিনাম ভয়ংকৰ হ'ব ।"

                    সাৱধান বাণীটো পঢ়ি সৌৰভ চিন্তাত পৰিল । সি ভালদৰে বুজি পালে যে সিহঁতৰ ওপৰত কোনোবাই চকু ৰাখিছে ! কিন্তু তাৰটো কোনো শত্ৰু নাই! ৰেশ্মীয়েও বিৰাট ভয় খালে । তাই সৌৰভৰ সাতখন খামুচি ধৰিলে ।

   : বলা, আমি এতিয়াই এই মূহুৰ্ততেই ইয়াৰ পৰা গুছি যাওঁ । মোৰ কিন্তু বিৰাট ভয় লাগিছে । কি ঠিক আকৌ আমাৰ কিবা ক্ষতি কৰাৰ চেষ্টা চলায় যদি ! - ভয়তে তাইৰ মাতটো কঁপি উঠিল ।

   : বʼলা যাঁও কিন্তু এটা কথা মই বুজি নাপালোঁ। আমাক হত্যা কৰিবলৈ চেষ্টা কৰিছে কোনে..…? 

          সৌৰভৰ মুখমণ্ডলত দুশিন্তাৰ চাপ সুস্পষ্ট । 

:মোৰ বোধেৰে আমাৰ সম্পৰ্কটো চকুত পৰিছে মানুহৰ চকুত পৰিছে , কোনোবাই কোনোবাই আমাৰ প্ৰেম সহ্য কৰিব নোৱাৰি এনে কৰিছে !

     :এতিয়াৰ পৰা আমি সাবধান হ'ব লাগিব 

      সিহঁত দুটা খৰ খোজেৰে আহি বনভোজ স্হলি পালেহি। ইতিমধ্যে দলটোৰ বাকি সদস্য সকলে সিহঁত দুটা ওপৰত চলোৱা আক্ৰমণৰ খবৰটো পাইছিল। সিহঁত দুটা অহাৰ লগে লগে সৌৰভৰ দুই বন্ধু দীনেশ আৰু ৰামদয়াল আহিল। সিহঁতে সৌৰভৰ পৰা ঘটনাটোৰ সবিশেষ যানিব বিচাৰিলে। সৌৰভে সকলো কথা বিৱৰি কলে আৰু নিজৰ দুশ্চিন্তাৰ কথটোও ক'লে।

         ৰাতি খাই বৈ বিছনাত পৰিও সৌৰভে শুব নোৱাৰিলে । এটা প্ৰশ্নৰ বাৰে বাৰে আমনি দি থাকিলে—ৰেশ্মী আৰু তাৰ প্ৰেমৰ শত্ৰু কোন ? ৰেশ্মীৰ লগত তাৰ অন্তৰংগতা বহুদিন আগৰপৰা। সিহঁতে দুয়োটা একেটা চুবুৰিত থাকা ডাঙৰ দীঘল হৈছে । শৈশৱত একেলগে খেলি ডাঙৰ হোৱা সিহঁত  দুটাই যৌৱনৰ দুৱাৰ দলিত উপনীত হৈয়ে গম পাইছিল যে সিহঁতৰ সম্পৰ্কটোৱে এটা নতুন পৰ্যায়লৈ গতি কৰিছে ।এজনে আনজনক লাজুকীয়া চাৱনীৰে চাই, আগৰ দৰে খুলাখুলিকৈ সকলো কথা কব নোৱাৰে অথচ ইজনে সিজনক নেদেখিলে এজনো থাকিব নোৱাৰে । এইয়াই বাৰু প্ৰেম নেকি নে আন কিবা? 

         ৰেশ্মীয়ে প্ৰথমে সৌৰভৰ মনটো উনুকিয়াই চাবলৈ কথাটো উলিয়ালে।

:সৌৰভ, তই আজিকালি মোৰ লগত কথা নপতা হলি যে? বেলেগ কোনোৱা ছোৱালী লগত………!

:বেলেগ ছোৱালীৰ লগত কথা পাতিলোৱেই যেনিবা । তাতে তোৰ গা জ্বলিল কিয়? — সৌৰভে তাইক মাজতেই ৰখাই ক'লে।

   :মোৰ আকৌ গা জ্বলিব কিয় ? তোৰ বাবে — ভচহু কথা শুনি থকাৰ মোৰ দৰকাৰ নাই ! — ৰেশ্মীয়ে কৃত্ৰিম খঙেৰে কʼলে । তাইৰ মুখত ফুটি উঠা অভিমানে সৌৰভৰ মনত থৌকি বাথৌ লগালে । তাই যাতে আবেগিক হৈ নুঠে তাৰ বাবে সি কলে — বেলেগ ছোৱালী লগত যিমানেই কথা নাপাটো কিয় , তোৰ লগত কথা পাতিবলৈ কিবা আজিকালি আখজা লগা হৈছে।

            ৰেশ্মীয়ে এইবাৰ তাৰ কথা শুনি হাঁহি দিলে ।

:  বʼল সৌ কৃষ্ণচোড়াজোপাৰ তলতেই বহোঁ।

   ৰেশ্মীয়ে ৰংঘৰ পাৰ্কৰ বাগিছা খনৰ গছ এজোপাৰ পিনে দেখুৱাই ক'লে । সিহঁত দুটা গৈ গছজোপাৰ তলতে বহিল পাৰ্কত তেতিয়া কন কন ল'ৰা ছোৱালী কিছুমানে খেলি আছিল আৰু সিহঁতৰ অভিভাৱক সকলে বেন্সত বঢ়ি কৰাৰ মহলা মাৰি আছিল । বিয়লি বেলাৰ অস্তগামী সূৰ্যৰ গুলপীয়া আভা ৰংঘৰৰ গাত পৰি বিচ্ছুৰিত হৈছিল । আহোম ৰাজত্বৰ স্থাপত্য কলাৰ নিদৰ্শন এই ৰং ঘৰ ! আহোম স্বৰ্গদেউসকলৰ বিভিন্ন খেল-ধেমালি উপভোগ কৰাৰ স্হান ৰেশ্মীয়ে সৌৰভৰ গাত গা লগাই আৰু অলপ ঘনিষ্ঠ হৈ বহিল । 

       : সঁচা কথা কʼচোন , তই মোক কি অকল বন্ধু বুলিহে ভাব নেকি? —ৰেশ্মীয়ে সৌৰভৰ পিনে ঘোপাই সোধিলে ।

    সৌৰভে তাইৰ কথা শেষত লুকাই থকা প্ৰশ্নবোধক টো ভালদৰে বুজি পালে । সি তাইৰ খং তুলিবলৈ কলে —অঁ…… আমি সৰুৰে পৰাইচোন একেলগে হাঁহি খেলি ডাঙৰ হলোঁ সেয়ে আমি দুটা ভাল বন্ধুৱেই , আৰু নো কি ? 

         তাৰ কথা শুনি ৰেশ্মী অলপ দেৰি গহীন হৈ থাকিল । কেইমুহূৰ্তমান মৌন হৈ থকাৰ পাছত তাই কলে — তাৰ মানে তই মোৰ প্ৰতি কোনো আকৰ্ষন অনুভব নকৰ ? 

    : মানে? মই বুজি পোৱা নাই! —এইবুলি কৈ সৌৰভে অধিক গহীন হোৱাৰ ভাও জুৰিলে ।ৰেশ্মীয়ে খঙত অগ্নীশৰ্মা হৈ তাৰ বুকুত ভুকুৱাবলৈ ধৰিলে । সৌৰভে এইবাৰ অভিনয় সামৰি তাৰ মনৰ কথাটো কৈ দিলে ।

       : আৰে ………ইমান জোৰকৈ নামাৰিবি , বুকু বিষাইছে । আৰে, পাগলী তই ইমান সহজ কথাটো নুবুজ । তোক মই ভাল পাও আৰু ওৰেটো জীৱন ভাল পাই থাকিম ! 

       সৌৰভৰ কথা শুনি তাই মূৰ তল কৰি লাজুকীয়া হাঁহি এটা মাৰি তাৰ বুকুৰ ভিতৰত সোমাই গ'ল । 

       সিদিনাৰ পৰাই সিঁহতৰ সম্পৰ্কটোৱে নতুন এটা নাম পালে…………সেয়াই হল প্ৰেম!

                                                            ( আগলৈ.............)

Next episode coming soon:

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home